চাওদাং জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চাওদাং জনগোষ্ঠী হৈছে অসমৰ জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম এটা জনগোষ্ঠী।

নামৰ উৎপত্তি আৰু ইতিহাস[সম্পাদনা কৰক]

‘চাও’ শব্দৰ অৰ্থ বিষয়া বা গৰাকী আৰু দাং মানে টাঙোন,শাস্তি। অৰ্থাৎ দোষীক শাস্তি দিবৰ নিমিত্তে যি সকল লোকক নিয়োগ কৰা হৈছিল সাধাৰণ অৰ্থত সেইসকলেই হৈছে চাওদাং।

প্ৰকৃতাৰ্থত পূৰ্বতে চাওদাং বুলি কোনো এটা জাতি বা সম্প্ৰদায় নাছিল। আহোম স্বৰ্গদেওসকলৰ দিনত যিসকল লোকক ৰাজকাৰেং,ৰজাৰ নাচনীশাল, বিভিন্ন চকী বা চাওনি (Out-posts) আদিৰ সুৰক্ষাৰ অৰ্থে নিয়োগ কৰিছিল সেইসকল লোককে ৰজাঘৰৰ ফালৰ পৰা চাওদাং বুলি কোৱা হৈছিল। আহোম সকলক বাদ দি ৰজাঘৰীয়া সকলে পিছলৈ কছাৰী, চুতীয়া, মৰাণ, বৰাহী, নৰা,আদি সম্প্ৰদায় লোকসকলক এই কৰ্মত নিয়োজিত কৰিছিল। সেয়ে বৰ্তমানৰ চাওদাং সম্প্ৰদায় এই আটাইবোৰ সম্প্ৰদায় মানুহৰ সংমিশ্ৰণত গঢ়ি উঠা বুলিও কব পাৰি।

চাওদাং সকলৰ বৰ্তমান অৱস্থিতি[সম্পাদনা কৰক]

আহোম সকলৰ শেষ ৰাজধানী যোৰহাট হোৱা হেতুকে নগৰৰ দক্ষিণ দিশ লিচুবাৰীৰ পৰা তিতাবৰৰ সীমা পৰ্যন্ত মুঠ একৈশখন গাঁৱত চাওদাং সকলে এতিয়াও বসবাস কৰি আছে। লোক-সংস্কৃতিৰ দিশত বিশেষভাৱে চহকী চাওদাং সকলে পাৰস্পৰিক আদান-প্ৰদান আৰু সমন্বয়ৰ মাজেৰে সংস্কৃতিৰ বিশিষ্ট ৰূপ দিবলৈ সমৰ্থ হৈছে।

সংস্কৃতি[সম্পাদনা কৰক]

চাওদাং সকলৰ ৰঙালী বিহু অতি আদৰৰ। চাওদাং সকলৰ ৰাতি বিহু আৰু দিন বিহু বৰ জনপ্ৰিয় আছিল বুলি জনা যায়। ৰাতি বিহু চ’ত মাহৰ দ্বিতীয় পক্ষত গাভৰু সকলে গাঁৱৰ ওচৰৰ মুকলি বাকৰিত ৰাতি বিহু পাতিছিল। ইয়াত কেৱল পেঁপা আৰু টকাহে ব্যৱহৃত হৈছিল। ৰাতি বিহু গাভৰু সকলে পতা বিহু যদিও ইয়াত নিজ গাঁৱৰ ডেকাসকলে অংশগ্ৰহণ নকৰিছিল। কিন্তু অন্য চিনাকি গাঁৱৰ ডেকাসকলে অংশগ্ৰহণ কৰিব পাৰিছিল। ৰাতি বিহুত ডেকা-গাভৰুৱে তেওঁলোকৰ মনৰ কথাবোৰ গীতৰ মাধ্যমত বা অন্য প্ৰকাৰে প্ৰকাশ কৰিবলৈ সুযোগ পাইছিল। লগতে সেই সুযোগতে তেওঁলোকৰ হিয়া-দিয়া-নিয়া হৈ ভৱিষ্যৎ জীৱনৰ লগৰী বাচি লবলৈ সুবিধা পাইছিল। ৰাতি বিহুত কোনো ব্যভিচাৰ অথবা সংযমহীনতাৰ নাম-গোন্ধ নাছিল। বিহুৰ মাধ্যমত,গীত-মাতেৰে,চকুৰ ঠাৰেৰে বা নাচোনৰ ভঙ্গীমাৰে নিজৰ পছন্দজনক হিয়াৰ বতৰা দিছিল। আৰু সেই সূত্ৰে কোনোবা কৰোবাৰ বাগদত্তা হৈছিল। এই সকলোবোৰ ডেকা-গাভৰু সকলৰ সন্মতি, বজাবুজি আৰু তেওঁলোকৰ মাক-দেউতাকৰ সন্মতি অনুযায়ী তেওঁলোকে যুগ্ম-জীৱনৰ পাতনি মেলিছিল। ৰাতি বিহুৰ এটা অতি তাৎপৰ্যপূৰ্ণ আৰু মন কৰিবলগীয়া দিশ হ’ল –একে গাঁৱৰ ডেকা-গাভৰুৱে লগ হৈ ৰাতি বিহু নাপাতে। এখন গাঁৱৰ ডেকাই অন্য এখন বা একাধিক গাঁৱৰ গাভৰু সকলৰ লগতহে বিহু মাৰিছিল। সেয়ে ৰাতি বিহুৰ ফলশ্ৰুতিত হোৱা প্ৰায়বিলাক বিয়া একেখন গাঁৱৰ ডেকা-গাভৰুৰ মাজত নহৈ ভিন্ন গাঁৱৰ ডেকা-গাভৰুৰ মাজতহে হৈছিল। লগতে আৰু এটা মন কৰিবলগীয়া দিশ হ'ল ৰাতিবিহু চ'তমাহৰ শেষৰ ফালে আৰম্ভ হোৱা হেতুকে শতকৰা নব্বৈ শতাংশৰ বিয়া ব’হাগ মাহতে হৈছিল।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অৰূপ জ্যোতি বৰা, নিবন্ধ:চাওদাং সকলৰ ৰাতিবিহুঃ এটি আলোকপাত, অসমীয়াত কথা বতৰা (ফেচবুক গোট)২৯ মাৰ্চ, ২০১৪