গৌৰীপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৌৰীপুৰ
—  নগৰ  —
গৌৰীপুৰ is located in Assam
গৌৰীপুৰ
অসমত গৌৰীপুৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°05′N 89°58′E / 26.08°N 89.97°E / 26.08; 89.97স্থানাংক: 26°05′N 89°58′E / 26.08°N 89.97°E / 26.08; 89.97
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ধুবুৰী জিলা
উচ্চতা ২৬ মিটাৰ (৮৫.৩০১৮৩৭২৭০৩৪১ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ২৩,৪৭৭ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)

গৌৰীপুৰ (IPA: ˈgɑʊrɪˌpʊə or ˈgɔːrɪˌpʊə) (ইংৰাজী: Gauripur) অসমধুবুৰী জিলাত অৱস্থিত এখন সৰু টাউন৷ মূল টাউনখন গদাধৰ নৈৰ পূবপ্ৰান্তত অৱস্থিত৷

ইতিহাস[সম্পাদনা কৰক]

গৌৰীপুৰ অঞ্চলটোৰ স্থাপনৰ সৈতে ইয়াৰ মূল প্ৰতিষ্ঠাতা ৰঙামাটিৰ জমিনদাৰ ৰাজা প্ৰতাপ চন্দ্ৰ বৰুৱাৰ এটা জনশ্ৰুতি আছে৷ এদিন, ৰাজা প্ৰতাপ চন্দ্ৰ বৰুৱাই অৰণ্যত চিকাৰৰ বাবে যাওঁতে কোনো এক ঠাইত এটা ভেকুলীয়ে সাপ ভক্ষণ কৰা দেখিবলৈ পায়৷ এই অসাধাৰন ঘটনাটো দেখি তেওঁ এয়া ভগৱান মহামায়াৰ তেওঁৰ প্ৰতি এক গুৰুত্বপূৰ্ণ বাৰ্তা বুলি বিশ্বাস জন্মে৷ কমসময়ৰ ভিতৰতে তেওঁ সেই অঞ্চলত মহামায়া দেৱীৰ এটা মন্দিৰ প্ৰতিষ্ঠা কৰে আৰু মহামায়াৰ অন্য এটা নাম 'গৌৰী' ৰ বাবে অঞ্চলটোৰ নাম গৌৰীপুৰ ৰাখে৷ পৰৱৰ্ত্তীকালত তেওঁ আনকি ৰঙামাটিৰ পৰা তেওঁৰ জমিনদাৰী গৌৰীপুৰলৈ স্থানান্তৰ কৰে৷ [1]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

ভৌগোলিকভাৱে গৌৰীপুৰ 26°05′N 89°58′E / 26.08°N 89.97°E / 26.08; 89.97ত অৱস্থিত৷ [2] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ২৬ মিটাৰ (৮৫ ফুট)৷

আন্ত:গাথঁনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি,[3] গৌৰীপুৰৰ মুঠ জনসংখ্যা ২৩,৪৭৭ জন৷ [4] ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ গৌৰীপুৰৰ গড় সাক্ষৰতাৰ হাৰ ৭৫%৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৮১% আৰু ৬৯%৷ গৌৰীপুৰৰ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷

যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]

গৌৰীপুৰ অঞ্চলটো উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ দ্বাৰা অন্য অংশৰ সৈতে সংযোজিত হৈ আছে৷ তাৰোপৰি এই অঞ্চলৰ মাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ গৈছে৷

শিক্ষা[সম্পাদনা কৰক]

গৌৰীপুৰত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল- বিদ্যালয়-

  • গৌৰীপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়

মহাবিদ্যালয়-

  • প্ৰমথেস বৰুৱা মহাবিদ্যালয়

অন্যান্য-

ৰাজনীতি[সম্পাদনা কৰক]

গৌৰীপুৰ ধুবুৰী (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ [5]

উল্লেখযোগ্য ঠাই[সম্পাদনা কৰক]

উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. "Hai Hastir Kanya" written by Dr. Dhiren Das of Gauripur
  2. Falling Rain Genomics, Inc - Gauripur
  3. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  4. "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30. 
  5. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2009-10-05.