ককাদেউতা নাতি আৰু হাতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ককাদেউতা, নাতি আৰু হাতীৰ পৰা পুনঃনিৰ্দেশিত)
Koka Deuta Naati aaru Haati.jpg
"ককাদেউতা নাতি আৰু হাতী"
পৰিচালক নিপ বৰুৱা
প্ৰযোজক এন.চি.দত্ত
চিত্ৰনাট্য নিপ বৰুৱা,মহেন্দ্ৰ বৰঠাকুৰ
কাহিনী নিপ বৰুৱা,মহেন্দ্ৰ বৰঠাকুৰ
সংগীত পৰিচালক ৰমেন বৰুৱা
সম্পাদনা শিৱ প্ৰসাদ ভট্টাচাৰ্য্য
মুক্তি ১৮ নৱেম্বৰ,১৯৮৩
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

ককাদেউতা, নাতি আৰু হাতী কথাছৱিখন এন.চি প্ৰডাকচনৰ বেনাৰত ১৯৮৩ চনৰ ১৮ নভেম্বৰত মুক্তি পাইছিল ৷ চলচ্চিত্ৰখনৰ পৰিচালক আছিল নিপ বৰুৱা আৰু প্ৰযোজনা আছিল এন.চি. দত্তৰ৷ ৮০ৰ দশকত চলচ্চিত্ৰখনে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল[উদ্ধৃতিৰ প্ৰয়োজন]

কাহিনী[সম্পাদনা কৰক]

নগাঁওৰ কামপুৰ মৌজাৰ মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়াৰ নাতিয়েক মইনাই দেউতাকক সৰুতেই হেৰুৱাৰ পিছত ককাক সৰ্বেশ্বৰ শইকীয়া আৰু মাক লখিমীৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয়৷ককাকৰ মৰমৰ হাতী বৃকোদৰেই হৈছে মইনাৰ খেলাৰ একমাত্ৰ লগৰী৷এইখিনি সময়তে তীৰ্থ কৰিবলৈ যাওঁতে গঙ্গাত নাওঁ ডুবি মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়াৰ এজন বন্ধুৰ পৰিবাৰৰ সৈতে সলিল সমাধি ঘটাত বন্ধুৰ নাতিনীয়েক মাকণক মৌজাদাৰে নিজৰ ছোৱালীৰ দৰে ঘৰতে ৰাখিবলৈ ঠিৰাং কৰে৷ মইনায়েও বৃকোদৰৰ লগতে মাকণক খেলাৰ নতুন লগৰী হিচাপে লাভ কৰি আনন্দ পায় ৷এইদৰে ওমলি-জুমলি ডাঙৰ হৈ মইনা আৰু মাকণ এদিন যুৱক-যুৱতীত পৰিণত হয়৷ মইনা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ককাকৰ ইচ্ছামতেই মইনাই উচ্চশিক্ষাৰ বাবে গুৱাহাটী যাবলৈ লয়৷আনহাতে, সৰুৰে পৰাই মইনাৰ লগত একেলগে ডাঙৰ হোৱা মাকণৰ হৃদয়ত মইনাৰ অজ্ঞাতে তাৰ প্ৰতি প্ৰেমৰ বীজ অংকুৰিত হয়৷

"ককাদেউতা,নাতি আৰু হাতী "ৰ এটি দৃশ্যত মাষ্টাৰ হেমন্ত
"ককাদেউতা,নাতি আৰু হাতী "ৰ এটি দৃশ্যত প্ৰাঞ্জল শইকীয়া

গুৱাহাটীলৈ আহি কলেজত ৰূমমেট ৰূপে প্ৰশান্ত শইকীয়া(মইনা)ৰ ফিয়েট হাজৰিকা,এম্বেচেডৰ চলিহা আৰু গেজেল বৰাৰ লগত বন্ধুত্ব গঢ় লৈ উঠে৷কলেজৰ হোষ্টেলৰ সৰু ৰুমটোত চাৰিজন ল’ৰা লেপাথেপাকে থাকিবলগীয়া হোৱা কাৰবাৰটো আৰু গাড়ীৰ গেৰেজত বহতো গাড়ী থেলি-হেচি একেলগে ৰখা কাৰবাৰটোৰ মাজত সামঞ্জস্য দেখি ফিয়েট,এম্বেচেদৰহঁতে নিজৰ প্ৰকৃত নামৰ সলনি এইদৰে গাড়ীৰ নাম ৰাখি লৈছিল!(আনকি তেওঁলোকে নিজৰ ৰূমৰ নামটোও হোষ্টেল -৬ ৰ সলনি গেৰেজ ৰাখি লৈছিল!)৷ কলেজত দিন যোৱাৰ লগে লগে মইনা কান্তা নামৰ এগৰাকী যুৱতীৰ প্ৰেমত পৰে৷কান্তা আছিল হৰগোবিন্দ ফুকণ নামৰ এজন প্ৰতিস্থিত উদ্যোগপতিৰ একমাত্ৰ ছোৱালী৷কান্তাৰ মাক দেউতাকে তেওঁলোকৰ প্ৰেমৰ কথা গম পোৱাত পঢ়াই শুনাই আগৰণুৱা মইনালৈ কান্তাক বিয়া দিবলৈ ঠিৰাং কৰে৷আনকি বি.এ কৰাৰ পাছত উচ্চশিক্ষাৰ বাবে হৰগোবিন্দ ফুকণে মইনাক নিজৰ খৰচত বিদেশলৈ পঠাবলৈও ৰাজী হয়৷

"ককাদেউতা,নাতি আৰু হাতী "ৰ এটি দৃশ্যত নিপন গোস্বামী

বি.এ পৰীক্ষা দি উঠাৰ পাছত কেইদিনমানৰ বাবে মইনা ঘৰলৈ আহে৷আনহাতে, মৌজাদাৰ সৰ্বেশ্বৰ শইকীয়াই এসময়ত বান্ধৈয়েক অৰ্থ্যাৎ মাকণৰ ককাকক কথা দি থৈছিল যে তেওঁলোকৰ বন্ধুত্বক আৰু প্ৰগাঢ় কৰিবলৈ মাকণক মইনালৈ নাতি-বোৱাৰী ৰূপে বিয়া কৰাই আনিব৷আৰু সেয়েহে মৌজাদাৰে মইনাক মাকণৰ লগত বিয়াত বহাৰ প্ৰস্তাৱ দিয়ে৷আনহাতে মইনাই তেওঁৰ কান্তাৰ লগত থকা প্ৰেমৰ কথা সদৰি কৰি মাকণৰ লগত বিয়াত বহিবলৈ অমান্তি হয় আৰু ককাকৰ লগত মনোমালিন্য ঘটি গুৱাহাটীলৈ ঘূৰি গৈ হোষ্টেলৰ বন্ধ নোখোলালৈকে গুৱাহাটীত থকা পেহীআইতাঁকৰ ঘৰতে থাকিবলৈ লয়৷

"ককাদেউতা,নাতি আৰু হাতী "ৰ এটি দৃশ্যত মৃদুলা বৰুৱা

ইফালে হৰগোবিন্দ ফুকণে পত্নীসহ মৌজাদাৰৰ ঘৰলৈ আহি নিজৰ জীয়েকক মইনালৈ বিয়া দিবলৈ বিচৰাৰ কথা কয়হি৷কিন্তু ন-চহকী হৰগোবিন্দ ফুকণ আৰু তেখেতৰ পত্নীৰ অহমিকাবোধ আৰু দাম্ভিকতাই মৌজাদাৰক ক্ষুণ্ণ কৰি তোলে আৰু হৰগোবিন্দ ফুকণক পৰিবাৰসহিতে কৰ্কথনা কৰি নিজৰ ঘৰৰ পৰা ঘূৰাই পঠিয়াই ৷কলেজৰ হোষ্টেলৰ পৰা ফিয়েট হাজৰিকা,এম্বেচেডৰ চলিহা আৰু গেজেল বৰাহঁতেও মইনাৰ ককাকক মইনা আৰু কান্তাৰ বিয়াৰ বাবে সৈমান কৰিবলৈ আহি বিফল মনোৰথ হৈ ঘূৰি যাবলগীয়া হয়৷ইয়াৰ কেইমাহমানৰ পাছত গুৱাহাটীৰ পৰা মইনাই ককাকলৈ চিঠি লিখে যে তেওঁ উচ্চশিক্ষাৰ বাবে বিদেশলৈ যাব ওলাইছে আৰু শিক্ষা সমাপ্ত কৰি আহিয়েই তেওঁ কান্তাৰ লগত বিয়াত বহিব৷নাতিয়েকৰ চিঠিত সৰ্বেশ্বৰ শইকীয়া মৰ্মাহত হৈ পৰে আৰু খঙত অগ্নিশৰ্মা হৈ হাতীৰ পিঠিত উঠিয়েই মইনাক ঘূৰাই লৈ যাবলৈ হৰগোবিন্দ ফুকণৰ গুৱাহাটীৰ ঘৰ পায়হি৷ কিন্তু তাত আহি গম পাই যে মইনা ইতিমধ্যে বিদেশলৈ ৰাওনা হৈছেই৷সৰ্বেশ্বৰ শইকীয়া বিফল মনোৰথ হৈ ঘৰলৈ উভতি আহে৷ আনহাতে ককাক আৰু নাতিয়েকৰ এই সংঘাতত চিন্তিত হৈ মইনাৰ মাক লখিমী টান নৰিয়াত পৰে আৰু শেষত মৃত্যুক সাৱটি লয়৷ লখিমীৰ মৃত্যুৰ পিছতেই মৌজাদাৰৰ স্বাৰ্থপৰায়ণ ভগ্নী শান্তি জীয়েকৰ সৈতে গুৱাহাটীৰ পৰা আহি মৌজাদাৰৰ ঘৰ পায়হি৷আহিয়েই শান্তিয়ে চেলু উলিয়াই হকে বিহকে মাকণক কৰ্কথনা আৰু তিৰস্কাৰ কৰিবলৈ আৰণ্ভ কৰে আৰু অৱশেষত এদিন মাকণক মৌজাদাৰৰ ঘৰ এৰিবলৈ বাধ্য কৰে৷ মাকণৰ অনুপস্থিতিত লাহে লাহে মৌজাদাৰৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰাত মাকণ পুণৰাই মৌজাদাৰৰ ঘৰলৈ ঘূৰি আহে৷ইফালে মৌজাদাৰেও ভনীয়েকৰ কুকীৰ্তিৰ কথা জানিব পাৰি নিজৰ ঘৰৰ পৰা ভনীয়েকক উলিয়াই পঠায়৷ইয়াৰ কিছুদিনৰ পিছতেই মৌজাৰ কামৰ কাৰণে কামপুৰৰ পৰা চহৰৰ কাছাৰীলৈ ট্ৰেইনেৰে আহোঁতে হৃদৰোগত আক্ৰান্ত হৈ মৌজাদাৰে আদবাটতে মৃত্যুক সাৱটি লয়৷মৌজাদাৰৰ মৃত্যুত অকলশৰীয়া হৈ পৰা মাকণ সম্পূৰ্ণৰূপে দিশহাৰা হৈ পৰে৷ইয়াৰ কেইমাহমানৰ পিছতেই মইনাই বিদেশত শিক্ষা সাং কৰি আহি কামপুৰৰ ঘৰ পায়হি৷ককাকৰ মৃত্যু বাৰ্ত্তাই মইনাক ম্ৰিয়মান কৰি তোলে৷আনহাতে মইনাই কান্তাক বিয়া কৰাই ঘৰলৈ লৈ আহিছে বুলি ভাবি মাকণেও নিশা মৌজাদাৰৰ ঘৰ এৰি যাবলৈ লয়৷কিন্তু,বৃকোদৰে(হাতী)মাকণক পুণৰ ঘূৰাই লৈ আহে৷পিছত মাকণে মইনাৰ মুখৰ পৰা গম পায় যে কান্তাই ঘৰৰ অমতত মইনা বিদেশৰ পৰা ঘূৰি অহাৰ কেইমাহমান আগতেই ডাক্তৰ এজনৰ লগত বিয়াত বহিল আৰু সেয়েহে জীৱনৰ নিসংঙ্গতা আতৰাবলৈ মইনাক এতিয়া মাকণৰ সহযোগিতাৰ প্ৰয়োজন ৷ ইমানদিনৰ পিছত নিজৰ হেৰুওৱা মৰম ঘূৰাই পায় মাকণৰো চকুৰ দুইকূল অশ্ৰুৰ বন্যাৰে ভৰি পৰে৷অৱশেষত দুয়োৰে শুভ পৰিণয়েৰে কাহিনীটোৰ সমাপ্তি ঘটে৷

অভিনয় শিল্পীসকল[সম্পাদনা কৰক]

সংগীত[সম্পাদনা কৰক]

ছবিখনৰ সংগীত পৰিচালনা কৰে ৰমেন বৰুৱাই

কন্ঠশিল্পীসকল[সম্পাদনা কৰক]

গীতৰ তালিকা[সম্পাদনা কৰক]

  • এক দুই তিনি চাৰি,যুতি দিয়া গৰু গাড়ী ৷
  • ঐ কলিৰ কৃষ্ণ বুলি হাহিঁলি,লাজ কিয় জানো কৰিলি৷
  • পোহনীয়া চৰাইটি উৰিলে,বিচাৰি পাবলৈ নাই ৷
  • এই ৰ’দালী ঝিলিমিলি, ৰব কি যাব কি চিত পখিলী ৷
  • বিহুৰে কঁঠীয়া (বিহু)৷
  • আৰু কি ৰাখিলা বাকী ৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • "ককাদেউতা,নাতি আৰু হাতী "চলচ্চিত্ৰ৷