ককাদেউতাৰ হাড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ককাদেউতাৰ হাড়  
লেখক নৱকান্ত বৰুৱা
প্ৰচ্ছদ শিল্পী মনজিৎ ৰাজখোৱা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ আৰ্থ-সামাজিক উপন্যাস
প্ৰকাশক লয়াৰ্ছ বুক ষ্টল
প্ৰকাশ ১৯৭৪
মিডিয়া প্ৰকাৰ মুদ্ৰণ (পকাবন্ধা)
পৃষ্ঠা সংখ্যা ১০৩
আই.এচ.বি.এন. 978-81-7331-227-4
পূৰ্বৱৰ্তী কপিলীপৰীয়া সাধু
পৰৱৰ্তী গড়মা কুৱৰী

ককাদেউতাৰ হাড় (ইংৰাজী: Kakadeutar Harh) অসমীয়া ঔপন্যাসিক তথা শিশু সাহিত্যিক নৱকান্ত বৰুৱাৰ এখন আৰ্থ-সামাজিক উপন্যাস। কপিলীপৰীয়া কবিৰূপে পৰিচিত নৱকান্ত বৰুৱাই ১৯৭৪ চনত প্ৰকাশিত উপন্যাসখনৰ বাবে ১৯৭৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[1] মণিদীপ আলোচনীৰ পাতত উপন্যাসখনৰ আৰম্ভণি ঘটিছিল। উপন্যাসখনত লেখকে এগৰাকী আইতাৰ মুখেৰে বৈবাহিক সম্বন্ধ গঢ়িব বিচৰা দুটি পৰিয়ালৰ প্ৰায় দুশ বছৰৰ আগৰ এক সম্পৰ্কৰ কথা বৰ্ণনা কৰিছে য'ত আহোম ৰজাৰ বিষয়বাব খোৱা দুই বিপৰীত মেৰুৰ চৰিত্ৰ ভোগাই বৰুৱা আৰু বাখৰ বৰাৰ মাজত ক্ষমতা আৰু আত্মাভিমানক লৈ সংঘাতৰ সৃষ্টি হৈছে। এই সংঘাতৰ ফলত পাৰিবাৰিক অশান্তিৰ লগতে সামাজিক অস্থিৰতাৰো সৃষ্টি হৈছে আৰু ইয়েই ক্ৰমাৎ দুয়োজন বিষয়াকে গ্ৰাস কৰি পেলাইছে। ঔপন্যাসিকৰ নিজৰ ভাষাত:

মোৰ বোধেৰে এইখন নায়ক আৰু খলনায়ক নোহোৱা এখন উপন্যাস। ইয়াত যেন কেন্দ্ৰীয় চৰিত্ৰ 'সময়'।

নৱকান্ত বৰুৱা (লেখকৰ এষাৰ, ককাদেউতাৰ হাড়)

[2]

ইতিমধ্যে উপন্যাসখনৰ অঁনাতাৰ আৰু মঞ্চ অভিযোজনা হোৱাৰ লগতে ই হিন্দী আৰু মালয়ালম ভাষালৈও অনুদিত হৈছে।[2]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

ককাদেউতাৰ হাড়ৰ লেখক অসমৰ এগৰাকী যশস্বী কবি তথা ঔপন্যাসিক নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনৰ ২৯ ডিচেম্বৰত। তেওঁক এখুদ ককাইদেউ হিচাপেও জনা যায়। ককাদেউতাৰ হাড়ৰ উপৰিও তেওঁতৰ অন্যান্য উপন্যাসমূহ হৈছে কপিলীপৰীয়া সাধু, গড়মা কুঁৱৰী, মানুহ আটাইবোৰ দ্বীপ আদি। হে অৰণ্য হে মহানগৰ, দলঙত তামীঘৰা, যতি আৰু কেইটামান স্কেট্ছ, সূৰ্যমুখীৰ অঙ্গীকাৰ আদি তেওঁৰ কবিতা পুথি আৰু আখৰৰ জখলা, শিয়ালী পালেগৈ ৰতনপুৰ, ভত ঊকাৰে ভূ আদি শিশুসকলৰ বাবে ৰচিত গ্ৰন্থ। সাহিত্যিকগৰাকী অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি আছিল।[3] তেওঁ পদ্মভূষণ স্বীকৃতি আৰু সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ লগতে অসম উপত্যকা সাহিত্য বঁটা, কমল কুমাৰী বঁটা আৰু অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল।

২০০২ চনৰ ১৪ জুলাই তাৰিখে বৰুৱাৰ মৃত্যু হয়।

চৰিত্ৰসমূহ[সম্পাদনা কৰক]

  • ভোগাই (ভোগেশ্বৰ) বৰুৱা - মূল চৰিত্ৰ। জয়ধ্বজ সিংহৰ দিনৰপৰা আহোম ৰজাৰ বিষয়বাব খোৱা পৰিয়ালৰ আত্মাভিমানী লোক।
  • বাখৰ বৰা - আনটো প্ৰধান চৰিত্ৰ। কম সময়ৰ বাবে ৰজাৰ বিষয়বাব পাই অহং ভাৱ ওপজা এক লোক।
  • মাহিন্দ্ৰী - বাখৰ বৰাৰ ভগ্নী, ভোগাই বৰুৱাৰ সহধৰ্মিনী।
  • সুমলা - মাহিন্দ্ৰী আৰু ভোগাইৰ জীয়ৰি।
  • বৰ্হমচৰীয়া - ভোগাই বৰুৱাৰ ঘৰৰ পুৰণি লগুৱা।
  • ক'লামন - এক কুমাৰ যি বাখৰৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক আশ্ৰয় দিয়ে আৰু পলুৱাই পথায়।
  • হাফিজুৰ হাজৰিকা - ফাৰ্চী পঢ়া বুঢ়া আপ নামেৰে জনাজাত হাজৰিকা বাব খোৱা এজন বিষয়া।
  • আইতা - কাহিনীৰ বৰ্ণনাকাৰী। তেওঁৰ মুখেৰে ঔপন্যাসিকে অতীত ৰোমন্থনৰ চলেৰে কাহিনীটো বৰ্ণনা কৰিছে।

কাহিনী সাৰাংশ[সম্পাদনা কৰক]

উপন্যাসখনিত কাহিনীকাৰ ভায়েকৰ বিয়াৰ কথা লৈ আইতাকৰ কাষলৈ যায়। ছোৱালীঘৰৰ কথা শুনি তেওঁ সেই ঘৰৰ ছোৱালী আনিবলৈ হাক দিয়ে। ইয়াৰ কাৰণ সোধাত আইতাকে ভয়লগা সাধু এটাৰ দৰে বুৰঞ্জীৰ এক দাগলগা অধ্যায়ৰ বকলা মেলে।

এই কাহিনী আহোম ৰজা গৌৰীনাথ সিংহৰ দিনৰ। কাহিনীকাৰৰ উপৰিপুৰুষ ভোগাই বৰুৱা সেই সময়ত যঠেষ্ট প্ৰতিপত্তিশালী। কিছুদূৰৈৰ ন দিনৰ বাবে বৰুৱা বাব পোৱা কিন্তু মৰ্যদাত হীন বাখৰ বৰাও যঠেষ্ট প্ৰতাপী আছিল। ভোগাইৰ দেউতাকে দুইঘৰ মানুহ ওচৰ চপোৱাৰ মনেৰে বাখৰৰ ভনীয়েক মাহিন্দ্ৰীক ভোগাইলৈ বিয়া কৰাই আনে। কিন্তু আত্মাভিমান আৰু অহং ভাবত দুইঘৰৰ সম্পৰ্কত প্ৰথমৰেপৰাই ঘূণে ধৰে। লাহে লাহে বাখৰ আৰু ভোগাইৰ শীতল যুঁজ বাঢ়ি যায়। ভোগায়ে পাকে-প্ৰকাৰ কুমাৰগাঁৱৰ মানুহৰ হতুৱাই বাখৰক অপমান কৰোৱায়। খঙত একো নাই হৈ বাখৰে কুমাৰগাঁৱত জুই দিয়ায়। উত্তেজিত কুমাৰ গাঁৱৰ মানুহে ভোগাইৰ টোলত আহি এই বিষয়ে গুণা-গঁঠা চলাওঁতেই ভোগায়ে হাফিজুৰ হাজৰিকাৰ পৰা বাখৰৰ হাতত হিলৈ থকাৰ কথা গম পায়। ভোগায়ে বাখৰক দমন কৰিবলৈ উপায় চিন্তি থাকোঁতেই গাঁৱত নৰখাদক বাঘ এটা ওলায় আৰু মানুহ এজনী নিয়ে। বাঘ ভেটি তাক মৰাৰ পিছতে ভোগায়ে বেছিকৈ উত্তেজিত হৈ পৰা মানুহমজাকক কৌশলেৰে বাখৰৰ বিৰুদ্ধে উচটায়। কুমাৰ গাঁৱৰ মানুহ গৈ ঘৰত জুই দি বাখৰক হত্যা কৰে। এই কথা ভূ পাই মাহিন্দ্ৰী মূঁচকচ যায় আৰু তেনে অৱস্থাতে তেওঁৰ মৃত্যু হয়। ভোগায়ে এই ষড়যন্ত্ৰত তেওঁৰ হাত থকাৰ সন্দেহ নোহোৱা কৰিবলৈ বাখৰৰ পৰিয়ালক পুনৰ সংস্থাপন দিবলৈ বুলি গোপনে তেওঁলোকৰ সন্ধান কৰোৱায়। কিন্তু পিছত গম পাই যে ক'লামণিয়ে তেওঁলোকক আশ্ৰয় দিয়ে আৰু পলুৱাই পঠিয়ায়। ভোগায়ে দ্বিতীয় বিবাহ কৰায়। ইতিমধ্যে সুমলাৰো বিয়া হৈ যায়। তেনেতে মানৰ আক্ৰমণত অসমত অস্থিৰতাই দেখা দিয়ে আৰু মানৰ নিষ্ঠুৰতাত সগৰ্ভা সুমলাৰ মৃত্যু ঘটে। একাংগী ৰোগত ভুগি ভোগায়েও ইহলীলা ত্যাগ কৰে। অসমত ইংৰাজ শাসন আৰম্ভ হয়। অতীতক লৈ গৰ্ব আৰু অমিতব্যয়িতাৰ বাবে ভোগাইৰ পুত্ৰ জুৰাই বৰুৱাই প্ৰতিপত্তি হেৰুৱায়। পিছত তেওঁৰ উত্তৰপুৰুষে ভাগে ভাগে থিতাপি লয়। ভাবী কইনা নমিতা সেই ঘৰৰে ছোৱালী।

শেষত অৱশ্যে আইতাকে এই বিয়াত আনন্দেৰে সন্মতি প্ৰদান কৰে।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]