ওলকচু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Konjac
Amorphophallus konjac
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
বৰ্গ: Alismatales
পৰিয়াল: Araceae
উপপৰিয়াল: Aroideae
গোত্ৰ: Thomsonieae
গণ: Amorphophallus
প্ৰজাতি: A. konjac
বৈজ্ঞানিক নাম
Amorphophallus konjac
K. Koch

ওলকচু (ইংৰাজী: Elephant foot yam or Elephant yam, বৈজ্ঞানিক নাম = Amorphophallus spp.) ( পৰিয়াল, Equisetopsida গোত্ৰ, Araceae) গোটেই বিশ্বত ওলকচুৰ ১৭৬ টাতকৈ বেছি প্ৰজাতি পোৱা যায়৷ এমৰফ'ফেলাছ টাইটেনাম (A.titanum) নামৰ ওলকচুৰ প্ৰজাতিটোৰ ফুলৰ মঞ্জৰী (Inflorescence) পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ (২.৫ মিটাৰ ওখ আৰু প্ৰায় ১.৫ মিটাৰ বহল) হোৱাৰ তথ্য পোৱা যায়৷ আনহাতে কেতিয়াবা এই প্ৰজাতিটোৰ আলু ২ মিটাৰ পৰিধিৰ ১০০ পাউণ্ডতকৈ (৪৬ কেজি) বেছি ওজনৰ হোৱা দেখা যায়৷

উৎপত্তি স্থান[সম্পাদনা কৰক]

দক্ষিণ-পূব এছিয়াক,প্ৰধানকৈ ভাৰত আৰু শ্ৰীলংকাক ওলকচুৰ উৎপত্তিস্থল বুলি গণ্য কৰা হয়৷ চীনদেশ,বাংলাদেশ,লাওছ,থাইলেণ্ড,ভিয়েটনাম,জাভা,ফিলিপাইনছ,সুমাত্ৰা,নিউগিনি,অষ্ট্ৰেলিয়াৰ উত্তৰাঞ্চল,ফিজি আৰু আফ্ৰিকাৰ কোনো কোনো দেশত বনৰীয়া হিচাপে ওলকচু পোৱা যায়৷ ভাৰতবৰ্ষউত্তৰ-পূৰ্বাঞ্চলৰ লগতে পশ্চিমবংগ,কেৰেলা,অন্ধ্ৰপ্ৰদেশ,মহাৰাষ্ট্ৰ,গুজৰাট,তামিলনাডু,উত্তৰ প্ৰদেশ,উৰিষ্যা আৰু ঝাৰখণ্ডত ওলকচুৰ খেতি কৰা হয়৷ সাধাৰণতে অলপ বালিচহীয়া,পানী জমা নোহোৱা,জৈৱিক পদাৰ্থ বেছি থকা মাটিত ওলকচুৰ খেতি ভাল হয়৷ নানা ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা দ্বিতীয় শ্ৰেণীৰ বনাঞ্চলত (Disturbed Secondary Forest) ওলকচু বনৰীয়া হিচাপে দেখা যায়৷ [1]


ব্যৱহাৰ[সম্পাদনা কৰক]

ওলকচুৰ অনেক ব্যৱহাৰ আছে৷ ইয়াৰ কচু আৰু কচুথুৰি কাৰ্ব'হাইড্ৰেটযুক্ত উৎকৃষ্ট খাদ্য৷ ওলৰ কচু,পাত আৰু শিপা নানান ঔষধি গুণেৰে পৰিপুষ্ট৷ বিষ উপশমকাৰী,হজমদায়ক আৰু টনিক হিচাপে আৰু দুৰ্বলতা,ৰক্তহীনতা আৰু কৌষ্ঠকাঠিন্য দূৰিকৰণত ওলকচু ব্যৱহাৰ কৰা হয়৷ ওলকচুৰ শিপা আৰু অন্যান্য অংশ নানা ধৰণৰ ভেষজ ঔষধ প্ৰস্তুতিত,যেনে - ৰক্তক্ষৰণ,কাহ,ডিঙিফুলা,পেটৰ বিষ,বমি,কেঁচুমুৰীয়া,গোধ বেমাৰ,ধনুষ্টংকাৰ,খহু আৰু পেলুমৰা দৰবত ব্যৱহাৰ হয়৷ এইবিলাকৰ উপৰিও,গৰু - গাহৰিৰ দানা হিচাপেও ওলৰ কচু আৰু পাত ব্যৱহাৰ কৰিব পাৰি৷ আনহাতে কিছুমান প্ৰজাতিৰ ওলকচুত কেলচিয়াম অক্সেলেট বেছিকৈ থাকে,যাৰ ফলত এনে কচু খালে ডিঙি খজুৱায় আৰু কেতিয়াবা এলাৰ্জিও হোৱা দেখা যায়৷ [1]

গছজোপা[সম্পাদনা কৰক]

ওলকচুৰ গছ দুই মিটাৰমানলৈকে ওখ হয়৷ প্ৰথম অৱস্থাত,মাটি ফুটি গা গছডাল ওলাই আহোঁতে গুৰিভাগত এখন ঢকুৱা দেখা যায়৷ সাইলাখ ফেটি সাপৰ ফনাৰ দৰে এই ঢকুৱাখন দেখি বনৰীয়া জীৱজন্তু অথবা অন্যান্য প্ৰাণী গছজোপাৰ ওচৰ নাচাপে আৰু এনেদৰেই ই কুমলীয়া অৱস্থাত গছজোপাক আত্মৰক্ষাত সহায় কৰে৷[1]

ফুল[সম্পাদনা কৰক]

ওলকচুৰ ফুল ফুলা সাধাৰণতে দেখা নাযায়৷ শীতকালৰ শেষভাগত,বসন্তকাল অথবা গ্ৰীষ্মকালৰ প্ৰথমভাগত সম্পূৰ্ণ পূৰঠ হোৱা স্থুলকাণ্ডৰ (Corm) পৰা কেতিয়াবাহে ওলকচুৰ ফুল ফুলা দেখা যায়৷ এই ফুল ফুলিলে এবিধ উৎকট গোন্ধ ওলায়৷ কিন্তু ফুলপাহ ফুলাৰ কেইঘণ্টামানৰ পাছতেই এই গোন্ধ নোহোৱা হৈ যায়৷ গেলিবলৈ ধৰা মাংসৰ দৰে এই গোন্ধৰ প্ৰকোপত মাখি আৰু গুবৰুৱা জাতীয় পোক আকৰ্ষিত হয় আৰু ইয়ে পৰাগযোগ হোৱাত সহায় কৰে৷ সাধাৰণতে ইতৰ পৰাগযোগহৈ (Cross pollination) সফল হোৱা পৰিলক্ষিত হয়৷ ওলকচুৰ গোটেই ফুলপাহ দেখাত ঘণ্টা আকৃতিৰ (Bell shaped),গাঢ় বেঙুনীয়া ৰঙৰ হয়৷ ফুলৰ মঞ্জৰীডালৰ (Spadix) তলৰ ভাগত বেঙুনীয়া ৰঙৰ গৰ্ভদণ্ডৰ ওপৰত হালধীয়া গৰ্ভমুণ্ড থকা স্ত্ৰীপুষ্প আৰু তাৰ ঠিক ওপৰতে হালধীয়া ৰঙৰ পুংপুষ্পবিলাক থাকে৷ আনহাতে মঞ্জৰীডালৰ মূৰত বেঙুনীয়া ৰঙৰ দেখাত গদাৰ দৰে (Bulbous) অংশ একোটা থাকে৷ ইয়াৰ উপৰিও ফুলৰ মঞ্জৰীডালক আৱৰি গাঢ় বেঙুনীয়া ৰঙৰ দেখাত ঠিক পাহিৰ (Corolla) দৰেই এখন ঢকুৱা (Spathe) থাকে৷ এই ঢকুৱাৰ দৰে অংশটোৰ তলৰ ফালে পাতল সেউজীয়া ৰঙত বগা অথবা হালধীয়া ফুট থকা দেখা যায়৷ গোসাঁইগাঁও আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ চৌহদত ফুলা ওলকচুৰ (A.Campanulatus) ফুলপাহ প্ৰায় ৪৭ ছেণ্টিমিটাৰ ওখ আৰু ইয়াৰ পৰিধি আছিল প্ৰায় ১৪০ ছেণ্টিমিটাৰ৷ ওলকচুৰ ফুল পাঁচদিনমানৰ পাছতেই মৰহি যায়৷[1]

ফল[সম্পাদনা কৰক]

ফুলৰপৰা সৰু সৰু (২ × ১ ছেণ্টিমিটাৰ) ফল পোৱা যায়৷ পকিলে এই ফল উজ্জল ৰঙা ৰঙৰ হৈ পৰে৷[1]

সৌন্দৰ্য[সম্পাদনা কৰক]

পৃথিৱীৰ বহু ঠাইত সৌন্দৰ্যবৰ্ধক হিচাপে টাবত ওলকচু ৰোৱে৷ ছিংগাপুৰ উদ্ভিদ উদ্যান আৰু হাৱাইৰ ক্ৰান্তিয় উদ্ভিদ উদ্যানত এনে ওলকচুৰ ফুল দেখা পোৱা যায়৷[1]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 ভবেশগগৈ (১ - ১৫ ডিছেম্বৰ ২০১৩). "আপুৰুগীয়া ওলকচু ফুলৰ বিষয়ে একাষাৰ". প্ৰান্তিক খণ্ড ৩৩শ বছৰ (১ম সংখ্যা): পৃষ্ঠা ৩১. 


বাহ্যিক সংযোগ[সম্পাদনা কৰক]