এ পি জে আব্দুল কালামৰ জীৱন বৃত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আবুল পকিৰ জয়নুল আবেদিন আব্দুল কালাম (এ পি জে আব্দুল কালাম) বা ভাৰতৰ মিছাইল মেন ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰখ্যাত বিজ্ঞানী। তলত তেওঁৰ জীৱন বৃত্ত দিয়া হ'ল।

জীৱন বৃত্ত[সম্পাদনা কৰক]

  • ১৫ অক্টোবৰ ১৯৩১ : তামিলনাডুৰ ৰামেশ্বৰম মছজিদ পথত জন্ম
  • ১৯৩৯ : ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয়ত যোগদান
  • ১৯৪৪ : হাইস্কুলত যোগদান কৰিবলৈ ৰামনাথপুৰমলৈ যাত্ৰা
  • ১৯৫০ : ছেইণ্ট জ'ছেফ মহাবিদ্যালয় (তিৰুবিনাপল্লী)ত শিক্ষা আৰম্ভ
  • ১৯৫৪ : পদাৰ্থ বিজ্ঞানৰসহ বি এছ ছিত উত্তীৰ্ণ হৈ মাদ্ৰাজ ইন্ষ্টিটিউট অৱ টেক্নলজিত যোগদান
  • ১৯৫৫-৫৬ : ভনীয়েক জোহাৰাৰ সোণৰ অলংকাৰ বন্ধকত দি ডি এম আই টিত যোগদান
  • ১৯৫৮ : দিল্লীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ত মাহিলী ২৫০/- টকা বেতনত জ্যেষ্ট বিজ্ঞানীৰ সহায়কৰ পদ লাভ
  • ১৯৬১ : বাংগাল'ৰৰ বৈমানিক বিকাশ প্ৰতিষ্ঠানত এ ডি ই
  • ১৯৬২ : থুম্বাত ইকুৱেট'ৰিয়েল ৰকেট লঞ্চিং ষ্টেচন স্থাপিত হ'ল INCOSPACৰ দ্বাৰা
  • ২১ নৱেম্বৰ ১৯৬৩ : ভাৰতৰ প্ৰথম ৰকেট নাইক এপেক (Nike Apache) উৎক্ষেপন
  • ১৯৬৪ : ৰোহিণী ৭৫ ৰকেট উৎক্ষেপণ
  • ১৯৬৭ : মেনকা ৰকেট উৎক্ষেপণ
  • ১৯৬৮ : ইণ্ডিয়ান ৰকেট ছ'চাইটিৰ গঠন
  • ৮ অক্টোবৰ ১৯৭২ : উত্তৰ প্ৰদেশৰ বেৰেলী এয়াৰ ফট্ ষ্টেচনত RATO প্ৰণালী পৰীক্ষণ
  • ১৯৭৪ : ভনী-জোঁৱাই, ঘনিষ্ঠ জালালুদ্দিনৰ মৃত্যু
  • ১৯৭৬ : ১০২ বছৰ বয়সত দেউতাক জৈনুলাবদিনৰ মৃত্যু। মাকৰো কেইদিনমানৰ পাছতে মৃত্যু
  • ১৯৭৯ : কৃত্ৰিম উপগ্ৰহ যান SLV-3ৰ পৰীক্ষামূলক উৰণ
  • ১৭ জুলাই ১৯৮০ : কালামৰ সঞ্চালনাত ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ
  • ১৯৮১ : গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰপতিৰ পৰা পদ্মভূষণ বঁটা গ্ৰহণ
  • ফেব্ৰুৱাৰী ১৯৮২ : ডি আৰু ডি এলৰ সঞ্চালকৰ পদত নিযুক্তি
  • ১৯৮৩ : ক্ষেপণাস্ত্ৰ বিকাশ কাৰ্যক্ৰমৰ আৰম্ভণি
  • ২৬ জুন ১৯৮৪ : ভাৰতৰ প্ৰথম ক্ষেপণাস্ত্ৰ গাইডেন্সৰ পৰীক্ষণ
  • ১৯৮৭ : ৰাষ্ট্ৰপতিৰ পৰা পদ্মবিভূষণ বঁটা গ্ৰহণ
  • ২৫ ফেব্ৰুৱাৰী ১৯৮৮ : স্বদেশী ক্ষেপণাস্ত্ৰ 'পৃথ্বী' উৎক্ষেপিত

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • ত্ৰিদিব কুমাৰ গোস্বামীৰ এ. পি. জে আব্দুল কালাম গ্ৰন্থ, 2nd Edition , Data Retrieved 29/7/2015